নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
সুৰা কঢ়িওৱা বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ পাছত জ্বলি ভস্মীভূত হ’ল দুয়ােজন বাহন।
থিতাতে মৃত্যু এজন বাইক আৰােহীৰ।
এই দুৰ্ঘটনাৰ স্থান বােকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত গৌতম বস্তিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।
জানিব পৰা মতে, বােকাজানৰ পৰা ডিমাপুৰ অভিমুখে তীব্ৰ বেগত গৈ থকা NL-07C-8682 নম্বৰৰ ইক’স্পৰ্টছ বাহনখনে বিপৰীত দিশৰ পৰা অহা NL-05-9220 মটৰ চাইকেলক খুন্দা মাৰে।
দুৰ্ঘটনাৰ পাছতে জুইৰ সুত্ৰপাত ঘটে আৰু নিমিষতে জ্বলি ভস্মীভূত হয় দুৰ্ঘটনাত পতিত বাহন দুখন।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইক’ স্পৰ্টছ গাড়ীখনত অবৈধভাৱে সুৰা কঢ়িওৱা হৈছিল। দুৰ্ঘটনাৰ পাছতে গাড়ীখনৰ পৰা দুজন লােক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই দুৰ্ঘটনাত আন এখন বাইকাে ক্ষতিগ্ৰস্ত হয়। পাছত স্থানীয় লােকৰ সহযােগত আৰক্ষীয়ে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে।
নাগালেণ্ডৰ পঞ্জীয়ন থকা গাড়ীখনৰ গৰাকীক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে।









