ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন, দুজনৰ অৱস্থা সংকটজনক…

হোজাই জিলৰ ডবকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক। আনহাতে দুজনৰ অৱস্থা সংকটজনক।

ডবকাৰ মদাৰতলিৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেলে মহতিয়াই নিলে দুই পথ আৰোহীক৷

দুৰ্ঘটনাৰ ফলত এজন পথচাৰী আৰু এজন মটৰচাইকেল আৰোহী থিতাতে নিহত৷

মৃত ব্যক্তি দুজন হল ক্ৰমে পথচাৰী লালু সিং আৰু বাইক আৰোহী আবুল হুছেইন৷

আহত দুজনৰ এজন হৈছে সঞ্জীৱ প্ৰসাদ আৰু আনজন বৰ্তমানলৈ চিনাক্ত হোৱা নাই৷

নিহত লালু সিং আৰু আহত সঞ্জীৱ প্ৰসাদ মদাৰতলিস্থিত পাৰ্ফেক্ট এল’ইজ এণ্ড ষ্টিল কোম্পানীৰ কৰ্মচাৰী৷

অন্য দুজনৰ ঘৰ ডবকাৰ চাংমাজিত বুলি জানিব পৰা গৈছে৷

আবুল হুছেইন আৰু তেওঁৰ সহযোগীজনে গ্লেমাৰ মটৰ চাইকেলেৰে ডবকাৰ পৰা চাংমাজি অভিমুখে গৈ থকা অৱস্থাত মদাৰতলিত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই বজাৰ কৰি গৈ থকা অৱস্থাত ষ্টীল কোম্পানীৰ কৰ্মচাৰী দুজনক খুন্দা মাৰি মহতিয়াই নিয়ে আৰু দুৰ্ঘটনাত পতিত হয়৷

দুৰ্ঘটনা সংগঠিত কৰা মটৰ চাইকেল খনৰ নম্বৰ AS02 U 1083 .

Leave a Comment