নিউজ ডেস্কঃ কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰা আৰক্ষীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হ’ব সেৱাৰ পৰা। – মুখ্যমন্ত্ৰীৰ সৈতে আৰক্ষী অধীক্ষকৰ উচ্চস্তৰীয় বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ।
উল্লেখ্য যে, বুধবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় আৰক্ষী অধীক্ষক সকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক।
এই বৈঠকত বৰ্ধিত কল্যাণমূলক পদক্ষেপেৰে শাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ অনা আৰু প্ৰশাসন আৰু আৰক্ষী বিভাগৰ মাজত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়।
এই বৈঠকৰ পিছতে টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দি কয় যে ১৪ ঘণ্টীয়া বৈঠকখনত বৰ্ধিত কল্যাণমূলক পদক্ষেপ আৰু অধিক সংস্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ সৈতে শাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ অনাৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ ড্ৰাগছৰ বিৰুদ্ধে জিলা ভিত্তিত আৰক্ষীয়ে লাভ কৰা সাফল্য, অপৰাধ হ্ৰাস, প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ, আৰক্ষীৰ আধুনিকীকৰণৰ ব্যৱস্থা ইত্যাদিৰ বিষয়েও আৰক্ষী অধীক্ষক সকলৰ সৈতে আলোচনা কৰে।
তদুপৰি এই বৈঠকত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন, মিছন বসুন্ধৰা ২.০কে ধৰি বহুতো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।
উল্লেখযোগ্য যে অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।
শৰাইঘাটৰ মহাযুদ্ধত মোগলক পৰাস্ত কৰা পূব ভাৰতৰ এজন মহান যোদ্ধাৰ জীৱন প্ৰদৰ্শনৰ বাবে বিজ্ঞান ভৱনত দুদিনীয়া এক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও অসম চৰকাৰে পূৰ্বে প্ৰকাশ কৰিছিল।
অসম চৰকাৰে লগতে কয় যে দেশৰ আন প্ৰান্তত এতিয়ালৈকে পৰিচিত মহান যোদ্ধাজনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ লক্ষ্য লৈছে চৰকাৰে।
২৩ আৰু ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে।
ইফালে, ভূমি ৰাজহ সেৱা সুশৃংখলিত কৰাৰ লগতে ভূমি সম্পর্কীয় কাম-কাজৰ বাবে জনসাধাৰণক সহজলভ্য কৰি তোলাৰ বাবে যোৱা বছৰৰ ২ অক্টোবৰত অসমত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল৷ পিছত মে’ মাহত এই আঁচনিখন বন্ধ হৈ পৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহ বিভাগৰ সৈতে জড়িত ৮ লাখ আৱেদন ‘মিছন বসুন্ধৰা’ৰ অধীনত নিষ্পত্তি হোৱা বুলি জানিবলৈ দিয়ে।
Our meeting took up matters related to 400th birth anniversary celebration of Lachit Barphukan, Mission Basundhara 2.0, etc.
— Himanta Biswa Sarma (@himantabiswa) November 2, 2022
With the SPs, we discussed district-wise achievements in our war on drugs, crime reduction, better use of technology, police modernisation measures, etc. pic.twitter.com/Y0brq4H8vx
তদুপৰি ৰাজ্যত ড্ৰাগছৰ আতংকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সন্দৰ্ভতো তেওঁ বুজ লয়।
এই বৈঠকৰ শেষত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদ মাধ্যমক সম্বোধন কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ সকিয়নী প্ৰদান কৰে।
এনেধৰণৰ গুৰুতৰ নিয়ম উলংঘাৰ বিৰুদ্ধে অসম আৰক্ষী সদায় কঠোৰ হৈ আছে বুলিও তেওঁ কয়।
কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰা সকলো আৰক্ষী জোৱানক তৎক্ষণাত সেৱাৰ পৰা আঁতৰাই দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।









