সুদীৰ্ঘ ১০ বছৰত শতাধিক জনৰ জীৱন ৰক্ষা কৰি বিদায় ল’লে ‘অলী’য়ে, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ল শেষকৃত্য

নিউজ ডেস্কঃ সুদীৰ্ঘ ১০ বছৰ আৰক্ষীৰ ডগ স্কোৱাডৰ হৈ কাম কৰি বিদায় ল’লে ‘অলি’য়ে। শনিবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডা আৰক্ষীৰ ডগ স্কোৱাডৰ কুকুৰ অলীৰ মৃত্যু ঘটাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনায় জিলাখনৰ আৰক্ষী আৰু প্ৰশাসনে।

উল্লেখ্য যে, ২০১১ চনৰ ১০ মাৰ্চত জন্মলাভ কৰিছিল অলী নামৰ কুকুৰটোৱে। নায়ক হেণ্ডলাৰ তুলসী সোণকাৰৰ তত্বাৱধানত মধ্যপ্ৰদেশৰ গোৱালিয়ৰস্থিত ৰাষ্ট্ৰীয় কুকুৰ প্ৰশিক্ষণ কেন্দ্ৰত ৬ মাহ প্ৰশিক্ষণ সম্পন্ন কৰাৰ পিছত ২০১২ চনত অলিক গোণ্ডা জিলা আৰক্ষীৰ ডগ স্কোৱাডত নিযুক্তি দিয়া হৈছিল।

photo1659860668
সুদীৰ্ঘ ১০ বছৰত শতাধিক জনৰ জীৱন ৰক্ষা কৰি বিদায় ল’লে 'অলী’য়ে, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ল শেষকৃত্য 2

তাৰ পিছত যোৱা ১০ বছৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে অভিযান চলাই অনেক অপৰাধীক কৰায়ত্ব কৰাৰ লগতে অনেকবাৰ লুকুৱাই ৰখা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰি সন্ত্ৰাসবাদীৰ কূটাঘাত নিৰ্মূল কৰিবলৈ সক্ষম হৈছিল অলীয়ে।

আৰক্ষীৰ এই কুকুৰটোৰ মৃত্যুৱে মৰ্মাহত কৰিছে গোণ্ডা আৰক্ষীক। যাৰ বাবে দেওবাৰে ৰাজ্যিক মৰ্যাদাৰে অলীক বিদায় জনায় জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে।

আৰক্ষী অধীক্ষক আকাশ টোমাৰে জনোৱা মতে, অলিয়ে আৰক্ষীৰ শ শ গোচৰ নিষ্পত্তি কৰিছে যোৱা ১০ বছৰত। ২০১৪ চনত আৰ্টিলাৰীত লুকুৱাই ৰখা বোমা উদ্ধাৰ কৰি অলীয়া অনেক সাধাৰণ নাগৰিকৰ প্ৰাণ ৰক্ষা কৰিছিল।

২০১৫ চনত গোণ্ডাত মাতিত পুতি থোৱা বাৰুদ উদ্ধাৰ কৰি সন্ত্ৰাসবাদীৰ কূটাঘাত ব্যৰ্থ কৰিছিল অলীয়ে। একেদৰে ২০১৬ চনত বাহৰাইচৰ জিলাৰ ৰে’লৱে ষ্টেচনৰ সমীপত জাবৰৰ দ’মৰ পৰা অলীয়েই উদ্ধাৰ কৰিছিল এটা বোমা।

এনেদৰে বহু বাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ সহায়ক হৈ অহা অলিৰ মৃত্যুৱে দুঃখিত কৰিছে আৰক্ষী বিষয়া-জোৱান সকলকে।