১০ মাহে আৰক্ষীয়ে বিচাৰি নোপোৱা মৃদুপৱন নেওগক অন্তঃবৰ্তী জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আৰক্ষীয়ে বিচাৰি নোপোৱা মৃদুপৱন নেওগক অন্তঃবৰ্তীকালিন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

১০ মাহৰ অন্তত প্ৰবঞ্চনাৰ অভিযোগত নাম সাঙোৰ খোৱা মৃদুপবন নেওঁগৰ অন্তঃবৰ্তীকালিন জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে।

১৫ দিনৰ অন্তঃৰ্ৱৰ্তীকালীন জামিন প্ৰদান নেওগক।

যোৱা সাত চেপ্তেম্বৰত ন্যায়ালয়ে মৃদুপবনক জামিন মঞ্জুৰ কৰাৰ লগতে পাঁচ দিনৰ ভিতৰত নগাঁও আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিদ্দেশ দিছিল৷

সেই নিদ্দেশ মৰ্মে মৃদুপবনৰ অধিবক্তা মানস শৰনীয়া সহিতে জুনিয়ৰ অধিবক্তা নগাঁও আৰক্ষীৰ ওচৰত হাজিৰ হয়।

নগাঁও সদৰ থানাত ৰুজু হৈ থকা ২৩২৮/২০২১ নম্বৰৰ গোচৰটোৰ বিপৰীতে অন্তঃবৰ্তীকালিন জামিন মৃদুপবনে লাভ কৰা বুলি মন্তব্য কৰে অধিবক্তা মানস শৰনীয়াই ৷

লগতে অধিবক্তাজনে ১৩ চেপ্তেম্বৰত মৃদুপবন নেওঁগ আৰক্ষী থানাত হাজিৰ হ’ব বুলি জানিবলৈ দিছে।

নগাঁৱৰ নেহা কাৰ বজাৰৰ ইমৰান হুছেইনে এক এজাহাৰ দাখিল কৰিছিল ৷ পুৰনি ফৰচুনাৰ আৰু হোণ্ডাচিটি ৰ দুখন গাড়ী ইমৰানক বিক্ৰী কৰা বিনিময়ত প্ৰায় ত্ৰিশ লাখ টকা মৃদুপবনে আদায় লৈছিল ৷ ধন আদায় লৈ গাড়ী চমজি নিদিয়াত ইমৰানে আৰক্ষীৰ কাষ চাপিছিল ৷

ব্যৱসায়ী জনৰ এজাহাৰৰ পিছতে গুৱাহাটী কাহিলীপাৰাত থকা মৃদুপবনৰ ফ্লেটত আৰক্ষীয়ে বিগত বৰ্ষৰ ২৪ ছেপ্তেম্বৰত অভিযান চলাইছিল।

আৰক্ষীৰ মতে মৃদুপবনে পলায়ন কৰাত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে যদিও ফ্লেটত তালাচি চলাই বিদেশী মুদ্ৰা, পিস্তল , নকল সোনৰ অলংকাৰ আদি উদ্ধাৰ কৰিছিল ৷