আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰতকালীন অধিৱেশন।
পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন।
এইবাৰ অধিৱেশন ১৮ খন বিধেয়ক উত্থাপন কৰা হ’ব।
অধিৱেশন পূৰ্বে বিধানসভাৰ অধ্যক্ষৰ বাসভৱন বিধানসভা কাৰ্য উপদেষ্টা কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে।
পঞ্চদশ অসম বিধান সভাৰ এই শৰতকালীন অধিৱেশন ৯বজাৰ লগে লগেই আৰম্ভ হৈছে।
অধিৱেশনক লৈ বিৰোধীয়ে ইতিমধ্যে ৰণনীতি তৈয়াৰ কৰিছে।
মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক যি পৰিস্থিতি আছে সেই সন্দৰ্ভত শাসক পক্ষক জবাবদিহি কৰিবলৈ তেওঁলোক এক প্ৰকাৰ সাজু হৈ পৰিছে।









