সীমা সমস্যাক কেন্দ্ৰ কৰি চিৰসেউজ লাম্পীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী…

অসম-মেঘালয় সীমা বিবাদ সমাধানৰ উদ্দেশ্যে চিৰসেউজ লাম্পীত উপস্থিত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী।

মেঘালয়ৰ সমৰ্থনকাৰী সহ অসমৰ সমৰ্থকসকলে লোৱাৰ লাম্পীত দুইগৰাকী মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত হয়।

চিৰসেউজ লাম্পীসহ ১৯খন গাঁৱৰ গাৰো, খাচী, নেপালী সম্প্ৰদায়ৰ লোক উপস্থিত হয় সভাস্থলীত।

মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে চিৰসেউজ লাম্পীত মেঘালয়ৰ মন্ত্ৰী বিধায়কৰ লগতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী অতুল বৰা,বকোৰ বিধায়িকা নন্দিতা দাস উপস্থিত থাকে।

সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘অসম আৰু মেঘালয় দুইখন ভাৰতৰে ৰাজ্য। আমি এখন দেশৰ নাগৰিক হিচাপে ভাবিলে শান্তিৰ পৰিবেশত জীয়াই থাকিব পাৰিম।

লগতে কয়- ভাৰতীয় হিচাপে সীমান্তৱৰ্তী এলেকা সমূহৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা থাকিব লাগিব। অসমৰ সৈতে মেঘালয়ৰ বাৰখন বিবাদমান এলেকা আছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অসমৰ সীমা সমস্যা সমাধান কৰা হ’ব। দ্বিতীয় পৰ্যায়ত লাম্পীৰ সীমা সমস্যা সমাধান কৰা হ’ব।

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই কয়- সীমান্তৱৰ্তী এলেকাৰ সমাধান আলোচনাৰ মাধ্যমেৰে কৰা হ’ব। একেদিনাই বা এমাহত সীমা সমস্যাৰ সমাধান সম্ভৱ নহয়। শ্বিলং বা গুৱাহাটী ত বহি সীমা সমস্যা সমাধান নহয়। বিবাদ মান এলেকা সমূহৰ পৰিদৰ্শন আৰু মতবিনিময়ৰ জৰিয়তেহে সীমা সমস্যা সম্ভৱ হ’ব।

Leave a Comment