এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ গৰাকী সদস্যই।
নিহত কেউগৰাকীৰ ভিতৰত ৫ গৰাকী প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মীয়।
আনহাতে আনজন লোক বাহনখনৰ চালক বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কোনো এক অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত অংশ লৈ উভতি আহি আছিল লোককেইজনে।
পিছে ৰাজপথত এক তীব্ৰ বেগী ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় পৰিয়ালটো অহা গাড়ীখনৰ।
যাৰ ফলত দুৰ্ঘটনাত পৰা পৰিয়ালটোৰ বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে।
আনহাতে এই দুৰ্ঘটনাৰ আন ৪ জন গুৰুতৰভাৱে আহত হয।
আহত কেইগাৰকীক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত থকা লোকে নিকট হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাৰ সময়ত বাহন খনত চালকৰ লগতে অন্য ৯ গৰাকী লোক আছিল।
উল্লেখ্য যে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভনীয়েকৰ ফালৰ পৰিয়ালৰ লোক আছিল বুলি জানিব পৰা হৈছে।









