অসমঅসমীয়া

সিদ্ধাৰ্থ ভট্টাচাৰ্যই জানি বুজি বিহুক লৈ বিতৰ্কিত মন্তব্য কৰিছেঃ জগদীশ ভূঞা

নিউজ ডেস্ক। বিহু বনাম হিন্দু ধৰ্মক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ।

বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহুক হিন্দু ধৰ্মৰ সৈতে সাঙুৰি পেলোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে।

বিজেপি বিধায়কজনে অভিপ্ৰায়মূলকভাৱে বিহুক হিন্দু ধৰ্মৰ অংশ বুলি মন্তব্য কৰা বুলি অভিযোগ তোলে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভূঞাই অভিযোগ কৰে যে বিজেপিৰ এক ধৰ্ম, এক ৰাষ্ট্ৰ, এক ভাষাৰ অংশ হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এনেধৰণৰ মন্তব্য কৰিছে।

G3 22

তেওঁ কয়, ‘এনে নহয় যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহু অসমৰ জাতীয় উৎসৱ বুলি নাজানে। কিন্তু তেওঁ অভিপ্ৰায়মূলকভাৱে এই মন্তব্য কৰিছে।’

বিজেপি বিধায়কজনৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে জগদীশ ভূঞাই।

অসমীয়া জাতীয় জীৱনক নসাৎ কৰি বিজেপিৰ গেৰুৱাকৰণৰ মানসিকতাক অসমৰ মাটিত সফল হ’বলৈ দিয়া নহয় বুলিও সকিয়নী প্ৰদান কৰে অজাপৰ নেতাগৰাকীয়ে।

লগতে চাওকঃ

বিধায়ক জিগনেশ মেৱানিক গ্ৰেপ্তাৰ কৰা ঘটনাই মোক হতভম্ব কৰিছেঃ ডঃ হীৰেন গোহাঁই

596

Leave a Reply

Your email address will not be published. Required fields are marked *