সম্প্ৰীতিৰ নিদৰ্শন! হিন্দুৰ বাবে শিৱ মন্দিৰ নিৰ্মাণ এগৰাকী মুছলমান আৰক্ষী বিষয়াৰ

নিউজ ডেস্কঃ জাতি-ধৰ্মৰ বিভেদে সঘনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে এক অনন্য সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমান আৰক্ষী বিষয়াই। হিন্দু ৰাইজৰ বাবে এটা শিৱ মন্দিৰ নিৰ্মাণ কৰি দি আৰক্ষী বিষয়া গৰাকীয়ে এতিয়া প্ৰংশসা বুটলিছে সকলোৰে পৰা।

উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত দাওভাংগী আৰক্ষী নিৰীক্ষণ চকীত হিন্দুৰ উপসনাৰ বাবে কোনো মন্দিৰ নথকাত আপত্তি দৰ্শাই আহিছিল হিন্দু আৰক্ষী বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে।

যাৰ বাবে আৰক্ষী বিষয়া জাহান উদ্দিনে জিলা প্ৰশাসনৰ পৰা অনুমতি গ্ৰহণ কৰি স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী নিৰীক্ষণ চকী চৌহদত নিৰ্মাণ কৰে এটা শিৱমন্দিৰ।

প্ৰায় ৯ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই শিৱ মন্দিৰটোৰ শুভ উদ্বোধন কৰে ধুবুৰী জিলা সহকাৰী আৰক্ষী অধীক্ষক বিদ্যুৎ ভূঞাই। ইফালে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি হিন্দুৰ বাবে এনেদৰে এগৰাকী মুছলমান আৰক্ষী বিষয়াই শিৱ মন্দিৰ নিৰ্মাণ কৰা ঘটনাই চৰ্চা লাভ কৰিছে সমগ্ৰ ধুবুৰী জিলাত।