সমাজসেৱিকাৰ ঘৰত দেহ ব্যৱসায়! ৪ যুৱতীসহ ১০জনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

নিজকে সমাজসেৱিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰ ঘৰতে আৰক্ষীয়ে উৎখাত কৰিছে এটা দেহ ব্যৱসায়ৰ চক্ৰ।

মধ্যপ্ৰদেশৰ ভূপালৰ চেহোৰ চহৰৰ চিটি বাছ ষ্টেণ্ডৰ ওচৰৰ এটা ঘৰত দীৰ্ঘদিন ধৰি মহিলাগৰাকীয়ে চলাই আহিছিল দেহ ব্যৱসায়।

74

উক্ত ঘৰটোত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় ৪গৰাকী যুৱতী, ৩জন গ্ৰাহক, এজন চালক, এজন কণ্ডাক্টৰ আৰু এগৰাকী মহিলা মেনেজাৰকে ধৰি ১০জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

নিজকে এগৰাকী সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰী নামৰ মহিলাগৰাকীৰ ঘৰতে আৰক্ষীৰ জালত পৰে দেহ ব্যৱসায় চক্ৰটো।

বহুতো ভিআইপিৰ সৈতে ফেচবুকত ফটো শ্বেয়াৰ কৰে অনুপমাই। এবাৰ অনুপমা তিৱাৰীয়ে শিৱসেনাৰ পৰা পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল য’ত তেওঁ বেয়াকৈ পৰাজিত হৈছিল।

আৰক্ষীয়ে ঘৰটোৰ পৰা ২৮,৭১০ টকাও জব্দ কৰিছে আৰক্ষীয়ে।

আনহাতে গ্ৰেপ্তাৰ কৰা ১০গৰাকীৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে অনুপমা তিৱাৰীৰ গাড়ীখনো জব্দ কৰিছে।

লগতে চাওকঃ

দুৰ্ঘটনাত দুই মডেলৰ মৃত্যু সন্দৰ্ভত বাহনৰ চালক আব্দুল ৰহমানক গ্ৰেপ্তাৰ

kerala
সমাজসেৱিকাৰ ঘৰত দেহ ব্যৱসায়! ৪ যুৱতীসহ ১০জনক গ্ৰেপ্তাৰ আৰক্ষীৰ... 4

চৌদিশে বিষাক্ত ফেন! তাৰ মাজতে ষট্ পূজাৰ স্নানত ব্যস্ত জনতা

G4 7
সমাজসেৱিকাৰ ঘৰত দেহ ব্যৱসায়! ৪ যুৱতীসহ ১০জনক গ্ৰেপ্তাৰ আৰক্ষীৰ... 5

Leave a Comment