অসম

সমগ্ৰ উত্তৰ-পূবতে প্ৰতিবাদ হ’ব, আমি নাগালেণ্ডৰ ৰাইজৰ লগত আছোঁঃ সমুজ্জ্বল ভট্টাচাৰ্য…

নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত ১৪ গৰাকীকৈ সাধাৰণ নাগৰিক নিহত হোৱা ঘটনাৰ অব্যাহত আছে চাঞ্চল্য।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেছ’ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচৰ্যই।

এই ঘটনাক বৰ্বৰ আৰু বৰ্বৰোচিত আখ্যা দিয়ে ভট্টাচাৰ্যই।

নিৰাপত্তাৰক্ষীয়ে নিৰীহ লোকক হত্যা কৰা ঘটনা গৰিহনাৰ যোগ্য বুলি কৈ ভট্টাচাৰ্যই দোষী সকলৰ উচিত শাস্তিৰ দাবী কৰে।

তেওঁ কয়- ‘কেন্দ্ৰীয় চৰকাৰে এফালে উত্তৰ-পূ্ৰ্বাঞ্চলৰ শান্তিৰ কথা কয় আৰু আনফালে খিলঞ্জীয়াক হত্যা কৰে। আমি নাগালেণ্ডৰ খিলঞ্জীয়া লোকসকলৰ সৈতে আছো। এই বৰ্বৰ ঘটনাৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদ সাব্যস্ত কৰা হব।সকলো সংগঠনৰ লগত যোগাযোগ চলি আছে। নাগালেণ্ডৰ ৰাইজে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। আমি নাগালেণ্ডৰ ৰাইজৰ লগত একেশাৰীতে থিয় হোৱাৰ বাবে সংকল্প লৈছে।’

উল্লেখ্য যে, নাগালেণ্ডৰ বিষয়টো আজি লোকসভাত উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

তেওঁ মৃত সকলৰ বাবে গভীৰ সমবেদনা জনাই কয় যে, ঘটনাৰ তদন্তৰ বাবে এছআইটি গঠন কৰি মাত্ৰ এমাহৰ ভিতৰতৰ তেওঁলোকৰ তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

লগতে চাওকঃ আপােনাৰ দিনটােৰ ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *