অসম

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পত্নী তথা কংগ্ৰেছ নেত্ৰী নুৰী খানৰ দলীয় বিষয়বাবৰ পৰা পদত্যাগ ঘোষণা…

কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পত্নী তথা মধ্য প্ৰদেশৰ অন্যতম জনপ্ৰিয় কংগ্ৰেছ নেত্ৰী নুৰী খানৰ দলৰ সকলাে বিষয়বাব ত্যাগ কৰাৰ সিদ্ধান্ত।

এটা ফেচবুক পোষ্ট যোগে নুৰী খানে এই ঘোষণা কৰিছে।

দলৰ ভিতৰচৰাত সংখ্যালঘুক বঞ্চিত কৰাৰ অভিযোগ আনি খানে পদত্যাগ কৰে।

সংখ্যালঘু কংগ্ৰেছ কৰ্মী, আৰু সংখ্যালঘু ৰাইজৰ ৰাজনৈতিক আৰু সামাজিক ন্যায় প্ৰদানত অসুবিধা পোৱাৰ লগতে দলত বৈষম্যৰ স্বীকাৰ হোৱাৰ অভিযোগ তুলি নেত্ৰী গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিছিল।

টুইটাৰ একাউণ্ট যোগে এই বিষয়ে সদৰি কৰি দিছিল নেত্ৰীগৰকীয়ে। কিন্তু অৱশেষত উঠাই ল’লে নিজৰ সিদ্ধান্ত।

ৰাজ্যখনৰ শীৰ্ষ নেতাৰ সৈতে হোৱা আলোচনাৰ অন্তত সকলো বিদ্বেষ আতৰ কৰাৰ পিছত নিজৰ পদত্যাগ পত্ৰ উঠাই লয় নুৰী খানে।

২২ বছৰ ধৰি মধ্যপ্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ থকা অসমৰ বিধায়ক পত্নী গৰাকীয়ে দলত তেখেতৰ গুৰুত্ব নথকাৰ অভিযোগ তুলিছিল।

পিছে কালি নিশা ৰাজ্যখনৰ কংগ্ৰেছৰ শীৰ্ষ নেতা তথা অধ্যক্ষ কমল নাথৰ সৈতে আলোচনাত মিলিত হৈ নিজৰ পদত্যাগৰ সিদ্ধান্ত বাতিল কৰে। নেত্ৰীগৰাকীয়ে টুইটাৰত এই বিষয়ে সদৰি কৰি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *