সফল চৰকাৰ! এইবাৰ ৩১ ডিচেম্বৰৰ নিশা ৫ জনলৈ হ্ৰাস পালে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা…

নিউজ ডেস্কঃ এইবাৰ বিদায় বছৰৰ শেষ নিশাত হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা।

কইনাধৰাত সাংবাদিকক সম্বোধন কৰি এই তথ্য দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

বিগত বছৰৰ তুলনাতো এইবাৰ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

তেওঁ জানিবলৈ দিয়া মতে, এইবাৰ ৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছে ৫ জন লোকে।

ইয়াৰ আগৰ বছৰটোত এই মৃত্যুৰ সংখ্যা আছিল ১৫ জন।

দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে সফলতা আনিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

এইবাৰ কাছাৰত ৩ জন, গোলাঘাট, তিনিচুকীয়া আৰু ধেমাজিত এজনকৈ ব্যক্তিৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে।

আগন্তুক ২-৩ বছৰত এই সংখ্যা শূণ্যলৈ হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলিও বিশ্বাস ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।