সফলতাৰ যাত্ৰা! বিবাহ বিচ্ছেদৰ পিছত মানসিক হতাশাত ভুগিছিল অসম কন্যা প্ৰিয়াই, কিন্তু পুনৰ জীৱনক ন ৰূপত সজাই কৰিলে বিশ্বজয়…

নিউজ ডেস্কঃ পৰিশ্ৰম, অধ্যৱসায় আৰু লক্ষ্য সুদৃঢ় হ’লে সফলতা সম্ভৱ। এগৰাকী অসম কন্যাই শেহতীয়াকৈ সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে।

স্বামীৰ সৈতে বিবাহ বিচ্চেদ হোৱাৰ পিছত মানসিক হতাশাত ভুগি জীৱনৰ লক্ষ্য এসময়ত হেৰুৱাই পেলাইছিল মুম্বাই নিৱাসী অসম কন্যা প্ৰিয়া পৰমিতা পালে।

image 98
সফলতাৰ যাত্ৰা! বিবাহ বিচ্ছেদৰ পিছত মানসিক হতাশাত ভুগিছিল অসম কন্যা প্ৰিয়াই, কিন্তু পুনৰ জীৱনক ন ৰূপত সজাই কৰিলে বিশ্বজয়... 5

কিন্তু এদিন তেওঁ পুনৰ তেওঁৰ লক্ষ্য বিচাৰি উলিয়াবলৈ সক্ষম হয়। তাৰ পিছতে অশেষ পৰিশ্ৰম আৰু অধ্যৱসাৰ বলত অলপতে আমেৰিকাত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল এম্বেছাদৰ ২০২২ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় প্ৰিয়াই।

উল্লেখ্য যে, পৰিয়ালৰ কথা মানি কম বয়সতে ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হ’বলগীয়া হৈছিল গুৱাহাটীত জন্মগ্ৰহণ কৰা প্ৰিয়া পৰমিতা পালে।

image 99
সফলতাৰ যাত্ৰা! বিবাহ বিচ্ছেদৰ পিছত মানসিক হতাশাত ভুগিছিল অসম কন্যা প্ৰিয়াই, কিন্তু পুনৰ জীৱনক ন ৰূপত সজাই কৰিলে বিশ্বজয়... 6

শহুৰেকৰ ঘৰত শাহুৱেক, শহুৰেক, স্বামী আৰু দুজন ভায়েক আছিল। আৰম্ভণিতে সকলো ঠিকেই চলি আছিল। কিন্তু
কিছুদিনৰ পিচতে স্বামী আৰু প্ৰিয়াৰ মাজত সৰু সুৰা সংঘাত আৰম্ভ হ’বলৈ ধৰে।

তাৰ পিছতে এদিন স্বামীৰ পৰা এটা ইমেইল লাভ কৰে মুম্বাইত আইটি কোম্পানীত কৰ্মৰত প্ৰিয়াই। য’ত তেওঁৰ সৈতে বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰিছিল স্বামীয়ে।

স্বামীৰ এই ইমেইল লাভ কৰি মানসিকভাৱে ভাগি পৰা প্ৰিয়াই স্বামীক বুজাবলৈ সকলো প্ৰচেষ্টা চলায়। দুটা বছৰ স্বামীক ওভতাই আনিবলৈ চেষ্টা চলাই ব্যৰ্থ হৈ হতাশাৰ চিকাৰ হৈ পৰে প্ৰিয়া।

image 100
সফলতাৰ যাত্ৰা! বিবাহ বিচ্ছেদৰ পিছত মানসিক হতাশাত ভুগিছিল অসম কন্যা প্ৰিয়াই, কিন্তু পুনৰ জীৱনক ন ৰূপত সজাই কৰিলে বিশ্বজয়... 7

আৰু অৱশেষত ২০১৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।

ইফালে মানসিক হতাশাৰ বলি হোৱা প্ৰিয়াই সেই সময়ত হেৰুৱাবলগীয়া হয় চাকৰিটোও। যাৰ ফলত আৰ্থিক সমস্যাৰো তেওঁ সন্মুখীন হয়। তদুপৰি শৰীৰৰ বৰ্ধিত ওজনে তেওঁৰ জীৱনটোৱেই তিক্ত কৰি তোলে।

কিন্তু জীৱনৰ এই কঠিন সময়ত পুনৰ মূৰ তুলি থিয় হোৱাৰ সংকল্প লয় প্ৰিয়াই। তেওঁ পুনৰ নিজৰ সপোন পুৰণ কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰে।

image 101
সফলতাৰ যাত্ৰা! বিবাহ বিচ্ছেদৰ পিছত মানসিক হতাশাত ভুগিছিল অসম কন্যা প্ৰিয়াই, কিন্তু পুনৰ জীৱনক ন ৰূপত সজাই কৰিলে বিশ্বজয়... 8

সেই অনুসৰি প্ৰিয়াই শৰীৰ চৰ্চা, যোগাভ্যাসৰ জৰিয়তে শৰীৰৰ বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। শৰীৰৰ ওজন হ্ৰাস পোৱাৰ পিছত তেওঁৰ আত্মবিশ্বাসো বৃদ্ধি পায়।

পৰৱৰ্তী সময়ত ৩৬ বছৰীয়া প্ৰিয়া পৰমিতা পালে ২০২২ চনৰ মিছ ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল এম্বেছাদৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ্বৰ ৭২ গৰাকী প্ৰতিযোগীৰ মাজত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

অসম কন্যা প্ৰিয়া পৰিমিতা পালৰ এই সফলতা নিঃসন্দেহে আন বহুতৰে বাবে এতিয়া প্ৰেৰণা হৈ পৰিছে।