অসমীয়াৰাষ্ট্ৰীয়

সন্যাসীৰ ভৱিষ্যদ্বাণী- দেশৰ প্ৰধানমন্ত্ৰী হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী…

নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! -এই ভৱিষ্যদ্বাণী কৰ্ণাটকৰ লিংগায়ত সম্প্ৰদাসৰ এগৰাকী সন্যাসীৰ। বুধবাৰে কৰ্ণাটকৰ মুৰুগৰাজেন্দ্ৰ মঠৰ এগৰাকী সন্যাসীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ কৰা এই ভৱিষ্যদ্বাণীয়ে শেহ্তীয়ালৈ লাভ কৰিছে তীব্ৰ চৰ্চা।

দৰাচলতে বুধবাৰে কৰ্ণাটকৰ অন্যতম সম্প্ৰদায় লিংগায়ত সম্প্ৰদায়ৰ শ্ৰী মুৰুগৰাজেন্দ্ৰ মঠলৈ গৈ লিংগায়ত সন্যাসীসকলক সাক্ষাৎ কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে।

সেই সময়তে মঠৰ এগৰাকী সন্যাসী হাৱেৰী হোসামুত্ত স্বামীয়ে ৰাহুল গান্ধীক লৈ কয় যে ৰাহুল গান্ধী এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব। অৱশ্যে সন্যাসীগৰাকীৰ মন্তব্য সম্পূৰ্ণ হ’বলৈ মাজতে লিংগায়ত মঠৰ সভাপতি শ্ৰী শিৱমুৰ্থী মুৰুগা শৰণৰুৱে মাত দি কয় যে মঠলৈ যিয়েই আহে তেঁৱেই আশীৰ্বাদ লাভ কৰে।

image 27

উল্লেখ্য যে, কৰ্ণাটকৰ ১৭ শতাংশ জনসংখ্যাৰ লিংগায়ত সম্প্ৰদায় ৰাজনীতিৰ দিশেৰে এক গুৰুত্বপূৰ্ণ ভোট বেংক হিচাপে পৰিগণিত হৈ আহিছে। অৱশ্যে লিংগায়ত সম্প্ৰদায় বিজেপিৰ ভোট বেংক হিচাপে অধিক পৰিচিত। বৰ্তমান কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইও লিংগায়ত সম্প্ৰদায়ৰে প্ৰতিনিধি।

image 28

সেয়েহে বছৰ বছৰ ধৰি বিজেপিক সমৰ্থন জনাই অহা লিংগায়ত সম্প্ৰদায়ৰ এগৰাকী সন্যাসীয়ে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি কৰা ভৱিষ্যদ্বাণীয়ে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। নে লাহে লাহে লিংগায়ত সম্প্ৰদায়ৰ বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে, তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে।

ইপিনে অহা বছৰ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে ৰাহুল গান্ধীৰ কৰ্ণাটক ভ্ৰমণ আৰু লিংগায়ত সম্প্ৰদায়ৰ মঠ দৰ্শনেও ৰাজনৈতিক চৰ্চা লাভ কৰিছে।