সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা! নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষত জম্মু-কাশ্মীৰত নিহত JEMৰ দুই সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা।

শুকুৰবাৰে পুৱা বাৰামুল্লাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ ২ সদস্য।

বাৰামুল্লাৰ পাট্টন অঞ্চলৰ য়েদিপোৰাত সংঘটিত হয় এই সংঘর্ষ।

অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ খবৰ লাভৰ পিছতে অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে।

কিন্তু নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ দলটোৱে আকস্মিকভাৱে আক্ৰমণ চলোৱাত গুলীৰে প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীয়েও।

যাৰ ফলত নিহত হয় জেইএমৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী দুজন।