সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত গুলীবিদ্ধ হৈ মৃত্যু এক্সেলৰ…

নিউজ ডেস্কঃ বিগত সময়ত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এক্সেল আৰু নাই!

শনিবাৰে বাৰামুল্লাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানকালত সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু ঘটে ভাৰতীয় সেনা বাহিনীৰ এক্সেল নামৰ কুকুৰটোৰ।

photo1659246326
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত গুলীবিদ্ধ হৈ মৃত্যু এক্সেলৰ… 4

বাতৰি অনুসৰি, বাৰামুল্লাৰ ৱানিগামত এজন পাকিস্তানী সন্ত্ৰাসবাদীসহ তিনিজনীয়া সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে শনিবাৰে আৰক্ষী আৰু সেনাই যুটীয়াভাৱে অভিযান চলায়।

photo1659246332
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত গুলীবিদ্ধ হৈ মৃত্যু এক্সেলৰ… 5

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ বাবে সেনাৰ স্নিভাৰ ডগ এক্সেল আৰু বাজাজকো লৈ যোৱা হয়।

কিন্তু সেই সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে কুকুৰ দুটালৈ লক্ষ্য কৰি আকস্মিকভাৱে গুলীবৰ্ষণ কৰাত তিনিটাকৈ গুলী লাগি মৃত্যু ঘটে এক্সেল নামৰ কুকুৰটোৰ।

photo1659246344
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত গুলীবিদ্ধ হৈ মৃত্যু এক্সেলৰ… 6

ইফালে সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দি অভিযানকাৰী দলটোৱেও গুলীচালনা কৰাত এজন সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদীৰ গুলীত ৩ গৰাকী নিৰাপত্তাৰক্ষীও আহত হয়।