সত্ৰ-নামঘৰত চুৰি কৰি আৰক্ষীৰ জালত পৰিল ‘ভগৱান’!

নিউজ ডেস্ক। বৰপেটাৰ বিভিন্ন সত্ৰ-নামঘৰত দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্য চলাই অহা ভগৱানক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে গভাইত চোৰটোক।

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বৰপেটাৰ চিনপৰা ভিঠি থান, কলয়াগংগাত দুৱাৰ, কনৰা সত্ৰ, মধ্য মেটুৱাকুছি গৰখীয়া গোসাঁই থান, মেটুৱাকুছি শান্তি নগৰৰ ৰখাল থান আদি কেইবাখনো সত্ৰ আৰু থানত চলি আহিছিল চুৰি কাৰ্য।

G3 3
সত্ৰ-নামঘৰত চুৰি কৰি আৰক্ষীৰ জালত পৰিল 'ভগৱান’! 4

নামঘৰ-সত্ৰৰ পৰা বিভিন্ন সম্পদ চুৰি হোৱাক লৈ সমগ্ৰ জিলাখনত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

ইফালে এই চুৰি কাৰ্যৰ বিৰুদ্ধে বৰপেটা সত্ৰই মঙলবাৰে সত্ৰৰ দালানৰ সন্মুখত দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰো আহ্বান জনায়। ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতা দেখুৱায় আৰু অভিযান চলাই ভগৱান মজুমদাৰ নামৰ গভাইত চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চোৰটোৰ ঘৰৰ পৰা চিনপৰা ভিঠি থানৰ পৰা চুৰি হোৱা পিতলৰ চৰিয়া, খৰাহী আদি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে তলা ভাগিবলৈ ব্যৱহাৰ কৰা সঁজুলি জব্দ কৰে।

p2 2
সত্ৰ-নামঘৰত চুৰি কৰি আৰক্ষীৰ জালত পৰিল 'ভগৱান’! 5

ভগৱান মজুমদাৰ

আনহাতে এই চুৰি কাৰ্যত ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

জানিব পৰা মতে, ভগৱান মজুমদাৰে চুৰি সামগ্ৰীসমূহ গহেৰপাম গাঁৱৰ চামাদ উদ্দিনৰ ওচৰত বিক্ৰী কৰিছিল। ইপিনে চামাদ উদ্দিনে এই চুৰি কাঁহ-পিতলৰ সামগ্ৰীসমূহ সৰ্থেবাৰীত বিক্ৰী কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

প্ৰণিধানযোগ্য যে, ধৃত ভগৱান মজুমদাৰে পূৰ্বেও চুৰিৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছে।

গভাইত চোৰজন পূৰ্বে বৰপেটা সত্ৰ্ৰৰ মূল দুৱাৰৰ ৰক্ষক হিচাপে কৰ্মৰত আছিল। কিন্তু কিছুমাহ পূৰ্বে বৰপেটা চহৰৰ হনুমান মন্দিৰৰ প্ৰণামীৰ ধন চুৰি কৰাৰ অপৰাধত কাৰাবাস খাটিবলগীয়া হৈছিল বুলি বৰপেটা সদৰ উপ-আৰক্ষী অধীক্ষক সমীৰ বৰুৱাই জানিবলৈ দিয়ে।

লগতে চাওকঃ

পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…

G2 5
সত্ৰ-নামঘৰত চুৰি কৰি আৰক্ষীৰ জালত পৰিল 'ভগৱান’! 6

Leave a Comment