অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত মনজিৎ বসুমতাৰী…

অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ।

এইবাৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত মনজিৎ বসুমতাৰী।

চিৰাং জিলাৰ হাগ্ৰামা দলঙৰ সমীপত নিশা সংঘটিত হয় আৰক্ষীৰ গুলীচালনা।

নিহত সন্দেহযুক্ত ডকাইতজন চিৰাঙৰ কিষাণবাজাৰ-খামাৰপাৰাত সংঘটিত ৰাজা বড়ো (২০)ৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

442

হত্যাকাণ্ডৰ এদিন পাছতে কৰায়ত্ত হৈছিল মনজিৎ বসুমতাৰী।

বৰ্তমান চিৰাঙৰ JSB হাস্পতালত ৰখা হৈছে মনজিতৰ মৃতদেহ।

এনকাউন্টাৰ সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই জানিবলৈ দিয়া মতে, নিশা মনজিত বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰেলষ্টচন অভিমুখে গৈ থকাৰ সময়তে ৰেলষ্টচনৰ সমীপৰ ৰেলগেটৰ পৰা চিৰাং আৰক্ষীয়ে আটক কৰে।

তাৰ পিছত চিৰাং আৰক্ষীয়ে মনজিত বসুমতাৰীক মঙলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো উলিয়াই দিবলৈ সোধপোচ কৰাত মনজিতে পিষ্টলটো আই নৈৰ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখাৰ কথা সদৰি কৰে।

পিছত আৰক্ষীৰ দলে মনজিত বসুমতাৰীক লৈ হাগ্ৰামা দলঙৰ ওচৰত লৈ যোৱাত মনজিতে মাটিৰ তলত লুকাই ৰখা পিষ্টলটো দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা চলাই।

লগে লগে আৰক্ষীয়ে খেদি খেদি গৈ গুলীচালনা কৰাত মনজিত বসুমতাৰী গুলীবিদ্ধ হৈ বাগৰি পৰে।

পিছত আৰক্ষীয়ে গুলীবিদ্ধ মনজিত বসুমতাৰীক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মনজিত বসুমতাৰীক মৃত বুলি ঘোষনা কৰে।

উল্লেখ্য যে, সোমবাৰে নিশাও জিলাখনৰ দুটাকৈ ভিন্ন স্থানত সংঘটিত এনকাউণ্টাৰত দুজনকৈ দুৰ্ধৰ্ষ ডকাইতৰ মৃত্যু হৈছিল।

এই এনকাউণ্টাৰত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

সোঁ হাতত দুটাকৈ গুলী লগা প্ৰকাশ মেধী বৰ্তমান জি এম চি এইচ্চত চিকিসাৎধীন হৈ আছে।  

লগতে চাওকঃ

দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা

G4 2

Leave a Reply

Your email address will not be published. Required fields are marked *