সকলোকে কন্দুৱাই গ’লগৈ পৰিমিতা, শৈশৱৰ বিদ্যালয়খনত শোকাকুল পৰিৱেশ…

অসমৰ ইতিহাসত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব ৮ছেপ্তেম্বৰ বুধবাৰে সংঘটিত হেৱা নিমাতীঘাটৰ নাও দুৰ্ঘটনা।

দুচকুত ভাহিঁ থাকিব দুমহীয়া সন্তানৰ পৰা পৰিমিতাকে ধৰি বহু যুৱতী, মহিলা, যুৱক, বৃদ্ধ, বৃদ্ধাই প্ৰাণ বচাবলৈ লুইতৰ বুকুত দিয়া সেই মৰণপন যুঁজখন।

তাৰ মাজতে অকালতে প্ৰাণ হেৰুৱালে পৰিমিতাৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন প্ৰবক্তাই।

আঠখেলীয়া নামঘৰত শৰাই দি মাজুলিলৈ উভতাৰ সময়ত নিমাতীঘাটৰ অভিশপ্ত ফেৰীখনত উঠিছিল পৰিমিতা দাস।

কিছুসময় আগলৈ মাতৃৰ সৈতে হাঁহি মাতি থকা পৰিমিতাই হয়তো ভৱা নাছিল মৃত্যুয়ে হয়তো অপেক্ষা কৰি আছে তেওঁৰ বাবে। মাত্ৰ কেইটামান সময়ৰ ব্যৱধান। তাৰ পিছত সকলো শেষ। পাৰলৈ তুলি অনা হ’ল এটা নিষ্প্ৰাণ শৰীৰ।

অশ্ৰু আৰু বিষাদৰ মাজত ভাঁহি আহিল এটা শব্দ, পৰিমিতা আৰু নাই।

মহানগৰীৰ কাহিলীপাৰাৰ পৰিমিতা আছিল নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ এসময়ৰ ছাত্ৰী।

পৰিমিতা দাসৰ মৃত্যৰ খবৰ বিয়পি পৰাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে অসম জাতীয় বিদ্যালয়ৰ চৌহদতো।

জানিব পৰা মতে মেধাসম্পন্ন যুৱতী গৰাকী নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় পৰা 2010 বৰ্ষত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

মহানগৰীৰ কাহিলীপাৰাৰ পৰা আহি নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা পৰিমিতা দাসৰ এনে আকস্মিক মৃত্যুৰ খবৰে স্বাভাৱিকতে ব্যথিত কৰি তুলিছে বিদ্যালয় খনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক।

অসম জাতীয় বিদ্যালয়ত পৰিমতাৰ লগতে তেওঁৰ সহপাঠীৰ ফটো চাই এতিয়া বিদ্যালয়খনৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰীয়ে পৰিমিতাৰ স্কুলীয়া জীৱনৰ সকলো পুৰণি স্মৃতি মনত পেলাই এতিয়া কেৱল টুকিছে চকুলো।

Leave a Comment