অসম

অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক মাজুলীৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ…

বুধবাৰে ৰাজ্য জোকাৰি যোৱা নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক প্ৰদান কৰা হৈছে।

এমাহৰ ভিতৰত এই সন্দৰ্ভত দাখিল কৰিব লাগিব প্ৰতিবেদন।

বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

ইয়াৰোপৰি, মাজুলীৰ নাও দুৰ্ঘটনাৰ বাবে ৰুজু কৰা হ’ব ফৌজদাৰী গোচৰ।

ফৌজদাৰী গোচৰ ৰুজু কৰাৰ বাবে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনক  নিৰ্দেশ প্ৰদান কৰা হৈছে।

লগতে কেবিনেটৰ সিদ্ধান্ত মৰ্মেই দলং নিৰ্মাণৰ ক্ষেত্ৰত তদাৰকৰ দায়িত্ব মন্ত্ৰী অজন্তা নেওগক দায়িত্ব প্ৰদান কৰা হৈছে।

সেই অনুসৰি, প্ৰতিমাহে দলং নিৰ্মাণ সম্পৰ্কে তদাৰক কৰিব মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে নিমাতীঘাটত দুখনত নাওৰ সংঘৰ্ষৰ ফলত যাত্ৰীৰে ভৰি থকা একন নাও ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায়।

চৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত এগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে দুগৰাকী যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ইফালে ৮২ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *