ৰাষ্ট্ৰীয়অসমীয়া

সংগীৰ মৃত্যুত দিশহাৰা এটি ময়ূৰ, ভিডিঅ’ চাই আৱেগিক হ’ব আপুনিও…

সংগীক হেৰুওৱাৰ বেদনা কিমান সেয়া সকলোৰে বাবে সমান।

মানুহ হওক বা জীৱ-জন্তু, সংগীক হেৰুৱাই ম্ৰিয়মান হৈ পৰে সকলো।

পাৰ্থক্য এটাই- বুকুৰ বিষাদ মানুহে ব্যক্ত কৰিব পাৰে, কিন্তু অন্য জীৱ-জন্তুৱে সেয়া নোৱাৰে।

ৰাজস্থানৰ নাগৰৰ এটা সৰু ভিডিঅ’ই প্ৰমাণ কৰি দেখুৱাইছে যে প্ৰেম-ভালপোৱা, সম্পৰ্ক কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নহয়। আন আন জীৱ-জন্তুৰো আছে মানুহৰ দৰে একেই অনুভূতি।

ভিডিঅ’টোত এটা মৃত ময়ূৰক দুজন ব্যক্তিয়ে দাঙি লৈ গৈছে সমাধিস্থ কৰিবলৈ। কিন্তু পিছে পিছে সেই মৃত ময়ূৰটোৰ সংগী আন এটা ময়ুৰেও ধীৰে ধীৰে খোজ লৈছে।

বাতৰি অনুসৰি, সংগী ময়ূৰটোক যি ঠাইত সমাধিস্থ কৰা হৈছিল, সেই ঠাইলৈকে এনেদৰে পিছে পিছে গৈ আছিল ময়ূৰটো।

দেখাত তেনেই সাধাৰণ যেন লগা এই ভিডি’টো প্ৰেম ভালপোৱাক প্ৰাধান্য দিয়া প্ৰতিজন আবেগিক মনৰ ব্যক্তিক জোকাৰি যাব পাৰে।

সেইবাবেই এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

লগতে চাওকঃ

এগৰাকী অসমীয়া নাৰীৰ কাহিনী! ‘সংগিনী’ৰ জৰিয়তে পৰিধি ভাঙি ‘জোড়ি পাৰফেক্ট’ গঢ়াৰ সপোন সুনীতাৰ

photo-2022-01-05-20-43-19

পানী গৰম কৰা বৈদ্যুতিক ৰডৰ বাবেই ঘটিল এক শােকাৱহ ঘটনা…

photo-2022-01-05-20-45-00

Leave a Reply

Your email address will not be published. Required fields are marked *