ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি এদিন ‘ডাঙৰ’ মানুহ হোৱাৰ সপোন এটি শিশুৰ, সামাজিক মাধ্যমত ভাইৰেল এখন ফটো…

নিউজ ডেস্কঃ মনত অফুৰন্ত হেঁপাহ থাকিলে সকলো বাধাই পাৰ কৰা সম্ভৱ। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি শিশুৰ শিক্ষাৰ প্ৰতি থকা দুৰন্ত হেঁপাহ প্ৰতিফলিত এখন ফটো।

আইএএছ বিষয়া অৱনীশ চৰণে টুইটাৰত শ্বেয়াৰ কৰা এই ফটোখন কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ছবিখনে অনুপ্ৰাণিত কৰিছে হাজাৰ জনক।

ভাইৰেল ছবিখনত এটি শিশুৱে ৰাতিৰ আন্ধাৰত চাঁদত বহি ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি থকা দেখা গৈছে। এই ছবিখনে প্ৰতিফলিত কৰিছে অধ্যয়নৰ প্ৰতি শিশুটিৰ ধাউতি কিমান।

সম্ভৱতঃ শিশুটিৰ ঘৰত পঢ়াৰ বাবে সুব্যস্থা নাই। কিন্তু তথাপিও ষ্ট্ৰীট লাইটৰ পোহৰত এনেকৈয়ে শিক্ষালাভ কৰি জীৱনত সফল হোৱাৰ সপোন দেখিছে শিশুটিয়ে।

এই ছবিখনে কেৱল ছাত্ৰ-ছাত্ৰীকে নহয়, বৰং জ্যেষ্ঠসকলকো এটা শিক্ষা দিছে যে আমাৰ জীৱনৰ বাবে শিক্ষা আৰু জ্ঞান কিমান গুৰুত্বপূৰ্ণ। যদি আমি শিক্ষিত হওঁ তেন্তে আমাক সফল হোৱাত কোনেও কেতিয়াও বাধা দিব নোৱাৰে।