ষট পূজাৰ আন্দৰৰ মাজতে অঘটন! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১০ গৰাকী লোকৰ পৰিচয় প্ৰকাশ…

এক শোকাৱহ পথ দুৰ্ঘটনা। অট’ৰিক্সা আৰু চিমেণ্ট পৰিবাহী গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ।

সংঘৰ্ষত ষট পূজাৰ পৰা ঘূৰি অহা ১০ জনকৈ লোকৰ মৃত্যু হয়।

কৰিমগঞ্জৰ বৈঠাখালৰ অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এই শোকাৱহ ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা ১০ গৰাকী লোকৰ ভিতৰত দুজন শিশু, দুগৰাকী মহিলা আৰু ছয়জন পুৰুষ।

শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- দুজা বাই পানিকা, শালু বাই পানিকা, গৌৰৱ দাস পানিকা, লালন গোস্বামী, শম্ভূ দাস পানিকা, পূজা গোঁড়, দেব গোঁড়, মংগলী কৰ্মকাৰ, তপু কৰ্মকাৰ আৰু সোনু ৰি।

দূৰ্ঘটনাত নিহত পুৰুষ-মহিলা সকল ষট পূজাৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে। দূৰ্ঘটনাগ্ৰস্ত অট’খনৰ নম্বৰ এএছ১০এ চি৫৭৮২ আৰু ট্ৰাকখনৰ নম্বৰ এনএল০১কিউ ০০৮৮।

ঘটনাৰ পিছতেই স্থানীয় ৰাইজে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ্য যে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰক্ষীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Leave a Comment