অসম

পাথাৰকান্দি দুৰ্ঘটনা! মৃত ১০ গৰাকী লোকৰ পৰিয়ালক ১ লাখ টকাকৈ প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ…

পুৱাই ৰাজ্যত সংঘটিত হয় এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

ষট পূজাৰ আনন্দৰ মাজতে কৰিমগঞ্জৰ পাথাৰকান্দিৰ বৈঠাখালত ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই ১০ জনকৈ যাত্ৰীৰ।

এখন যাত্ৰীবাহী অট’ আৰু এখন চিমেণ্ট পৰিবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে ১০ গৰাকী লোকৰ মৃত্যু হয়।

নিহত পুৰুষ-মহিলা সকল ষঠ পূজাৰ পৰা উভতি আহি আছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এ এছ-০১-এ-চি ৫৭৮২ নম্বৰৰ এখন যাত্ৰীবাহী বাজাজ অট’ আৰু এন এল-০১ কিউ-০০৮৮ নম্বৰৰ এখন চিমেণ্ট পৰিবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এই শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে শোক প্ৰকাশ কৰে।

লগতে প্ৰাণ হেৰুওৱা ১০ গৰাকী লোকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই এই কথা জানিব দি নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক ১ লাখ টকাকৈ প্ৰদান কথা ঘোষণা কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যু হোৱা ১০ গৰাকী লোকৰ ভিতৰত দুজন শিশু, দুগৰাকী মহিলা আৰু ছয়জন পুৰুষ।

শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- দুজা বাই পানিকা, শালু বাই পানিকা, গৌৰৱ দাস পানিকা, লালন গোস্বামী, শম্ভূ দাস পানিকা, পূজা গোঁড়, দেব গোঁড়, মংগলী কৰ্মকাৰ, তপু কৰ্মকাৰ আৰু সোনু ৰি।

নিহত লোক কেইজন পাথাৰকান্দিস্থিত লংকাই চাহ বাগানাৰ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *