ৰাষ্ট্ৰীয়অসমীয়া

শ্মশানলৈ গৈ থাকোতেই ঘটিল ভয়ংকৰ দুৰ্ঘটনা, ১৮ জনকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক…

এক শোকাৱহ পথ দু্ঘটনা।

শ্মশানলৈ গৈ থাকোতেই ঘটিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত ১৮ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৫জনকৈ লোক।

261852494-423889435932938-5310863923284767147-n

শনিবাৰে নিশা পশ্চিম বংগৰ নাদিয়া জিলাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা ২০ জনতকৈও অধিক লোকে এখন ট্ৰাকত মৃতদেহ লৈ নৱদ্বীপ শ্মশানলৈ গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে জনোৱা অনুসৰি, হাঞ্চখালি আৰক্ষী থানা অঞ্চলৰ ফুলবাৰীত মৃতদেহ লৈ যোৱা বাহনখনে পথৰ কাষত ৰখাই থোৱা ট্ৰাকক খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘন কুঁৱলী আৰু বাহনখনৰ দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে নিহতৰ পৰিয়ালৈ ক্ষতিপূৰণ তথা আহতসকলকৰ চিকিৎসাৰ বাবে বিহিত ব্যৱস্থা হাতত লােৱাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *