শ্বেৰমান জেলত আছেই, আমিনুল ইছলামক জেললৈ পঠাবলৈ বেছি সময় নালাগেঃ মুখ্যমন্ত্ৰী…

বিধায়ক আমিনুল ইছলামক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নী প্ৰদান কৰি কয়- ‘হিন্দু সভ্যতাৰ পৰিপন্থী কোনো বিৰ্তকিত মন্তব্য সহ্য কৰা নহব। আবোল-তাবোল বকিলে জে’ললৈ যাব লাগিব বিধায়ক আমিনুল ইছলাম।’

উল্লেখ্য যে, ধিঙৰ বিধায়ক গৰাকীয়ে কেইটামান দিনৰ পূৰ্বে কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেৱে দান কৰি কৰিছিল বুলি মন্তব্য কৰিছিল।

ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যত।

ইয়াৰ পিছতে উক্ত বিষয়টোত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়- ঔৰংগজেৱ বাদ দিয়ক, তেওঁৰ বাবাও আহিব পৰা নাই অসমত। হিন্দু সভ্যতাৰ পৰিপন্থী কথা কলে কাকোয়ে সহ্য কৰা নহব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- শ্বেৰমান আলীটো জেলত আছেই, আমিনুল ইছলামকো জেললৈ পঠাবলৈ বেছি সময় নালাগিব।

এনে কথা-বতৰাই সমাজখন অস্থিৰ কৰে বুলি মন্তব্য কৰি এইবোৰ কথা নকবলৈ সকিয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে তামুলপুৰত দেওবাৰে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা পূৰ্বৰ এন ডি এফ বিৰ সদস্যসকলক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

উক্ত অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি  দ্বীপেন বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম,অশোক সিংহাল,আৰক্ষী বিষয়া হীৰেন নাথ, এল আৰ বিষ্ণই আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

Leave a Comment