তীব্ৰবেগী ডাম্পাৰৰ খুন্দা স্কুটীত, মহিলাৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য। অনিয়ন্ত্ৰিত ডাম্পাৰৰ খুন্দা স্কুটীত। থিতাতে মৃত্যু মহিলাৰ।

এই ঘটনাৰ স্থান শােণিতপুৰৰ চাৰিদুৱাৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, চাৰিদুৱাৰৰ গামানীৰ বাসিন্দা নয়নমণি দাসে পত্নীসহ স্কুটিৰে নিজৰ সন্তানটোক চাৰিদুৱাৰ ফৰেষ্টগে’টস্থিত ডিয়ন ইংলিছ স্কুলৰ পৰা লৈ ঘৰলৈ ৰাওনা হওঁতে চাৰিদুৱাৰ-ভালুকপুং পথৰ ৰে’লগে’টৰ স্পীড ব্ৰেকাৰৰ সমীপতে পিছফালৰ পৰা আহি থকা এখন নম্বৰ প্লেটবিনীন তীব্ৰবেগী ডাম্পাৰে (বাবা বিশ্বনাথ) খুন্দা মাৰে।

ফলত স্কুটিখনৰ পৰা পথত বাগৰি পৰি ডাম্পাৰৰ তলত সোমাই মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাবটি লয়।

একেদৰে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰ তথা ছাত্ৰজন।

স্থানীয় ৰাইজে দুৰ্ঘটনাটো সংঘটিত কৰা ডাম্পাৰখন আবদ্ধ কৰি পিছত চাৰিদুৱাৰ থানাত চমজাই দিয়ে।

ঘটনাস্থলীত চাৰিদুৱাৰ থানাৰ যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰমোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

মৃত্যু হোৱা মহিলাগৰাকী গামানীৰ মালতী বৰ্মন বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment