অসম

শ্বেৰমান আলীয়ে কাণত ধৰি ক্ষমা খুজিব লাগিব, নহ’লে ৰাজপথত পিটা হ’বঃ অসমীয়া যুৱ মঞ্চ

শ্বহীদক লৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যক ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ পিছতেই সৰৱ হৈ উঠিছে প্ৰতিটো দল সংগঠন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে প্ৰতিবাদী কাৰ্যসূচী।

শ্বেৰমান আলীৰ মন্তব্যৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।

শ্বেৰমান আলীয়ে আঠুঁ কাঢ়ি, কাণত ধৰি ৰাজপথত ক্ষমা খোজাৰ দাবী সংগঠনটোৰ।

অন্যথা ৰাজপথত বিধায়ক জনক পিটাৰ হুংকাৰ দিয়ে যুৱ মঞ্চই।

উল্লেখ্য যে, ১৯৮৩ ৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল শ্বেৰমান আলীয়ে।

ভৱিষ্যতে শ্বহীদ সম্পৰ্কে নেতিবাচক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *