দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, তিনিজনক গ্ৰেপ্তাৰ…

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।

প্ৰায় ১৫ কোটি টকাৰ জিলেটিন আৰু ইলেক্ট্ৰ’নিক ডিটনেটৰ জব্দ।

গড়চুক আৰক্ষীয়ে গড়চুক থানাৰ সমীপত জব্দ কৰে এই বিস্ফোৰক খিনি।

ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মেঘালয়ৰ পৰা AS15 AC 4867 নম্বৰৰ এখন বলেৰ’ পিক আপ বাহনেৰে সৰবৰাহ কৰিছিল সামগ্ৰীখিনি।

শ্বিলঙৰ পৰা ৰাণীলৈ নি থকা অৱস্থাতে জব্দ কৰে আৰক্ষীয়ে।

বিস্ফোৰক সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে ৰহিম বাদশ্বাহ আৰু আইনুল আলী নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ মূল অভিযুক্ত ছয়গাঁৱৰ গৰৈমাৰীৰ কাদেম আলী নামৰ এজন বুলি জানিব পৰা গৈছে।

এই কাদেম আলীৰ নেতৃত্বতে সৰবৰাহ কৰা হৈছিল এই বিস্ফোৰক সামগ্ৰীখিনি।

আনহাতে, এই ঘটনাৰ পিছতে আৰক্ষীক ৩০ হাজাৰ টকা উপঢৌকন দি বাহনখন মুকলি কৰি নিবলৈ আহিছিল আছাদুল ইছলাম নামৰ এজন যুৱক।

মূল অভিযুক্ত কাদেম আলীয়ে পঠিয়াইছিল যুৱকজনক।

ঘোচ দিবলৈ অহা আছাদুলকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

Leave a Comment