শ্বহীদ জোৱানৰ একমাত্ৰ কন্যাৰ বিয়াৰ সমস্ত দায়িত্ব পালন কৰিলে সতীৰ্থ সেনা জােৱানে…

নিউজ ডেস্ক। নিজৰ দায়িত্বৰ প্ৰতি যিমানেই দায়বদ্ধ, সিমানেই মানৱতাবাদী দৃষ্টিভংগীৰ বাবে পৰিচিত ভাৰতীয় সেনা।

সময়ে সময়ে নিজৰ উদাৰ মনৰ পৰিচয় দি আহিছে ভাৰতীয় সেনাই। বৰফৰ বুকুত আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰাৰ সময়তে হওক বা বৃদ্ধক বোকোচাত তুলি হাস্পতাললৈ নিয়াৰ সময়তে হওক, প্ৰতিবাৰে নিজৰ কৰ্মৰ জৰিয়তে ভাৰতৰ কোটি কোটি নাগৰিকৰ বুকুত নিগাজি স্থান দখল কৰি আহিছে ভাৰতীয় সেনাই।

সেই বাবেই ভাৰতীয় সেনাক দেশৰ ৰিয়েল হিৰো বুলিও অভিহিত কৰা হয়।

কিছুদিন পূৰ্বে দেশৰ হকে যুঁজি বীৰৰ দৰে শ্বহীদ হৈছিল ভাৰতীয় সেনাৰ জাট ৰেজিমেণ্টৰ জোৱান হাৱলদাৰ মনোজ।

হাৰিয়ানা নিৱাসী জোৱান গৰাকীৰ মৃত্যুৰ কিছু দিনৰ ভিতৰতে মৃত্যু ঘটে পত্নীৰো। যাৰ ফলত নিথৰুৱা হৈ পৰে তেওঁলোকৰ পুত্ৰ আৰু কন্যা।

G2 29
শ্বহীদ জোৱানৰ একমাত্ৰ কন্যাৰ বিয়াৰ সমস্ত দায়িত্ব পালন কৰিলে সতীৰ্থ সেনা জােৱানে... 4

শেহতীয়াকৈ যোৱা ২১ এপ্ৰিলত বিবাহ সম্পন্ন হয় শ্বহীদ জোৱানগৰাকীৰ একমাত্ৰ কন্যাৰ।

এই বিবাহত পিতৃৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়াকৈ সকলো দায়িত্ব সম্পন্ন কৰে জাট বেটেলিয়ানে।

বিবাহ অনুষ্ঠানত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে ২০ গৰাকী জাট বেটেলিয়ানৰ লগতে বিষয়া, জুনিয়ৰ কমাণ্ডিং অফিচাৰ আৰু জোৱান বিবাহথলীত উপস্থিত হয়। তেওঁলোকে বিবাহৰ ব্যয়ৰ বাবে কইনাৰ হাতত তুলি দিয়ে নগদ তিনি লাখ টকা।

1 12
শ্বহীদ জোৱানৰ একমাত্ৰ কন্যাৰ বিয়াৰ সমস্ত দায়িত্ব পালন কৰিলে সতীৰ্থ সেনা জােৱানে... 5

এই বিবাহখনত ১০০ৰো অধিক অৱসৰপ্ৰাপ্ত সেনাও উপস্থিত থাকে। পিতৃৰ অনুপস্থিতিত ভাৰত সেনাৰ জোৱানেই কন্যাদান কৰে শ্বহীদ মনোজৰ একমাত্ৰ কন্যাৰ।

উল্লেখ্য যে, জাট বেটেলিয়ানৰ কোনো কৰ্তব্যৰত বা শ্বহীদ জোৱানৰ কন্যাৰ বিবাহত যাতে কোনো আৰ্থিক অসুবিধাৰ সৃৃষ্টি নহয়, তাৰ বাবে বেটেলিয়ানৰ বিষয়াৰ পৰা ৫১০০ টকা, জুনিয়ৰ কমাণ্ডিং অফিচাৰৰ পৰা ১১০০ টকা আৰু জোৱানৰ পৰা ৫০০ টকাকৈ তুলি কইনাৰ হাতত কন্যাদানৰ উপহাৰ হিচাপে অৰ্পণ কৰে বেটেলিয়ানে।

4 3
শ্বহীদ জোৱানৰ একমাত্ৰ কন্যাৰ বিয়াৰ সমস্ত দায়িত্ব পালন কৰিলে সতীৰ্থ সেনা জােৱানে... 6

ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত শ্বহীদ হোৱা জাট বেটেলিয়ানৰ জোৱান শ্বহীদ সাৱৰমল ভাঁভুৰ দুই কন্যাৰ বিয়াৰ সময়তো সমস্ত দায়িত্ব পালন কৰি পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দিছিল ভাৰতীয় সেনাই।

Leave a Comment