অসম

শোকাৱহ! ৪বছৰীয়া সন্তানক নিঠৰুৱা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই গ’লগৈ প্ৰিয়ংকা গগৈ…

এক অতি মৰ্মান্তিক ঘটনা।

দেওবাৰে পুৱাই বিশ্বনাথ ঘাটত লাগিল হাহাকাৰ।

বিশ্বনাথ ঘাটত স্কুটী ৰখাই ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিলে এগৰাকী ৪বছৰীয়া সন্তানৰ মাতৃ তথা শিক্ষয়িত্ৰীৰ।

বিশ্বনাথ ঘাটৰ শ্মশান থলীত পাৰত স্কুটীখন ৰখাই ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই আত্মহত্যা কৰিলে শিক্ষয়িত্ৰী প্ৰিয়ংকা গগৈয়ে।

vlcsnap-2021-10-17-17h58m52s681

নদীত জাপ দিয়া শিক্ষয়িত্ৰীগৰাকী হ’ল উত্তৰ চতিয়া হাইস্কুলৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা গগৈ।

৫ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা প্ৰিয়ংকা আৰু স্বামীৰ সংসাৰ খনৰ সকলো হেনো থিকেই আছিল। কিন্তু কিছুদিনৰ পৰা স্বামীসহ মাতৃগৃহত থকা প্ৰিয়ংকাই হঠাতে ল’লে এই চৰম সিদ্ধান্ত।

মহিলা গৰাকীৰ স্বামীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল পত্নী। পূৰ্বেও আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল প্ৰিয়ংকাই।

vlcsnap-2021-10-17-18h08m21s041

পুৱাই স্থানীয়ে ৰাইজে নৈৰ বুকুত অভিযান চলাই শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি শিক্ষয়িত্ৰী গৰাকীয়ে আজি পুৱা স্কুটিত তেল ভৰাম বুলি ঘৰৰ পৰা ওলাই আহি পেট্ৰ’ল পাম্পৰ পৰিৱৰ্তে উপস্থিত হয় বিশ্বনাথ ঘাটত।

vlcsnap-2021-10-17-18h08m27s579

বিশ্বনাথ ঘাটত স্কুটি ৰাখি ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই মহিলা গৰাকীয়ে।

অৱশ্যে আৰক্ষীৰ তদন্ততহে প্ৰকাশ পাব আত্মহত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Reply

Your email address will not be published. Required fields are marked *