শোকাৱহ! সুৰাসক্ত ট্ৰাক চালকে মহটিয়াই নিলে বাইক, নিঃশেষ হ’ল এটা পৰিয়াল

নিউজ ডেস্ক। সুৰাপান কৰি গাড়ী চলােৱাৰ ভয়ংকৰ পৰিণতি। সুৰাসক্ত ট্ৰাক চালকে মহটিয়াই নিলে এখন বাইক য’ত যাত্ৰা কৰিছিল এটা পৰিয়ালৰ চাৰি সদস্য।

এঊ মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই কণমানি যমজ ভাতৃ-ভগ্নী আৰু তেওঁলোকৰ মাতৃৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত।

সুৰাপান কৰি গাড়ী চলোৱা ট্ৰাক চালকে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকক মহটিয়াই নিয়াৰ ফলত কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় তিনিবছৰীয়া যমজ ভাতৃ-ভগ্নী প্ৰনাথি আৰু প্ৰণৱৰ লগতে মাতৃ জ্যোতিয়ে।

FHBdy-T0-VUAAIu-Ec

দুৰ্ঘটনাত সন্তানদুটিৰ পিতৃ শিৱানন্দ গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, হাছান চহৰৰ উপকণ্ঠৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি সুৰাসক্ত ট্ৰাক চালকে ৪ খনকৈ বাহনক প্ৰথমে খুন্দা মাৰে।

তাৰ পিছতে ট্ৰাকখনে খুন্দা মাৰে এখন বাইকত।

ট্ৰাকখনে তিনি বছৰীয়া কণমানি দুটিক বহু দূৰলৈ চোঁচৰাই লৈ যোৱাত ঘটনাস্থলীতে দুয়োৰে মৃত্যু ঘটে।

ইফালে সংকটজনক অৱস্থাত মাতৃ জ্যোতিক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনফালে আনজন আহত শিৱানন্দৰ অৱস্থাও বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰি মদ্যপান কৰি থকা ট্ৰাকচালকজনে পলায়নৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

Leave a Comment