অসম

শোকাৱহ! মাতৃ-পত্নীক নিঠৰুৱা কৰি অকাল মৃত‍্যুক সাবটিলে ভাস্কৰ বৰাই…

এক শোকাৱহ ঘটনা।

মাতৃ-পত্নীক নিঠৰুৱা কৰি অকাল মৃত‍্যুক সাবটিলে ভাস্কৰ বৰাই।

মৃত যুৱকজন শিৱসাগৰ জিলাৰ গৌৰিসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভগামুখ ভিতৰুৱালৰ ভাস্কৰ বৰা।

বিদ‍্যুত বিভাগৰ গাফিলতিৰ ফলতে যুৱকজনে অকাল মৃত‍্যুক সাবটি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

অসাৱধানবশতঃ বিদ‍্যুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰা ভাষ্কৰে মৃত্যুৰ সময়ত নিজৰ মাতৃ আৰু পত্নীক এৰি থৈ যায়।

এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ।

জানিব পৰা মতে, নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা ঘৰৰ একমাত্ৰ সন্তান ভাষ্কৰে ঘৰৰ সন্মুখতে এখন দোকান খুলিবলৈ চিন্তা চৰ্চা কৰিছিল।

বৃহস্পতিবাৰে দোকানগৃহৰ নিৰ্মাণ কাৰ্য‍্যত লাগি থাকোতেই আকস্মিক ভাৱে দোকানৰ ওপৰেদি পাৰ হৈ যোৱা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰত এডাল লোৰ ৰড লাগি যোৱাত যুৱকজন বিদ‍্যুৎপৃষ্ট হয়।

ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে তেওঁৰ কৰুণ মৃত্যু হয়।

ইফালে স্থানীয় ৰাইজে এই ঘটনাৰ বাবে গৌৰিসাগৰ বিদ‍্যুত উপসংমণ্ডলক দোষাৰোপ কৰিছে আৰু ভাষ্কৰৰ মৃত্যুৰ এক ন‍্যায়িক তদন্তৰ দাবী কৰিছে।

সম্পূৰ্ণ অপৰিকল্পিত ভাৱে বিদ‍্যালয়ৰ সহিতে একাধিক ৰাজহুৱা অনুষ্ঠান থকা স্বত্বেও কি দৰে এই উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ অসাৱধানতাৰে সংস্থাপন কৰিবলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

এই উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুত পৰিবাহী তাঁৰৰ স্থান পৰিবৰ্তন কৰাৰো দাবী তুলিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *