
নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ! এইবাৰ কংগ্ৰেছ এৰিলে মনোজ ধানোৱাৰে, বিজেপিলৈ যাব নেকি?
কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।
এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে দলৰ শক্তিশালী নেতা মনোজ ধানোৱাৰে।
দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰে মনোজ ধানোৱাৰে।
প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ।
APCCলৈ মনোজ ধানোৱাৰৰ পদত্যাগ পত্ৰ।

পূৰ্বে চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি পদ এৰিছিল মনোজ ধানোৱাৰে।
ছচিয়েল মিডিয়াযোগে এই কথা সদৰি কয় যে- যদিও মই চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ ৰ চেয়াৰমেন পদৰ পৰা 17/8/21 ত ইস্তফা দিছিলো, কিন্তু আমাৰ নেতৃবৃন্দৰ কথাত মই সকলো খিনি ভাললৈ পৰিৱৰ্তন হব বুলি ভাৱিছিলো। কিন্ত আজি মই দিশহাৰা এখন নাৱৰ যাত্ৰীৰ দৰে আগুৱাই যোৱাৰ দৰে অনুভৱ কৰিছো।
লগতে কয়- এই পুৰণি কংগ্ৰেছ দলটো এৰি যাবলৈ দুখ অনুভৱ কৰিছো কাৰণ অকল ময়েই নহয় মোৰ দেউতা নিজে প্ৰায় চাৰি দশক জুৰি এই দলৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত আছিল। এইয়াই সময়ৰ আহ্বান….





