শোকাৱহ! বিদ্যুৎপৃষ্ট হৈ বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু…

কাজিৰঙাৰ গেলেকিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

বিদ্যুৎপৃষ্ট হৈ এজন অস্থায়ী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কৰুণ মৃত্যু হয়।

মৃত হোৱা বিদ্যুত বিভাগৰ কৰ্মচাৰী গৰাকীৰ নাম প্ৰনৱজ্যোতি বৰুৱা বুলি জানিব পৰা গৈছে।

মৃত প্ৰণৱজ্যোতি বৰুৱাই বিগত ৪ বছৰ ধৰি গেলেকি অঞ্চলত বিদ্যুৎ বিভাগৰ অধীনত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মত নিয়োজিত আছিল।

মৃত বৰুৱাই সন্ধিয়াৰ ভাগত গেলেকি অঞ্চলত বিদ্যুৎ বিকল হোৱত গেলেকি চাৰিআলি সমীপৰ ট্ৰেঞ্চফৰ্মাৰত কাম কৰি থকাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাৰ সময়ত বিভাগৰ লাইনমেনক অৱগত নকৰাকৈ বিদ্যুৎ অৱ্যাহত হৈ থকাৰ সময়তে কাম কৰাৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি বিদ্যুত বিভাগৰ তৰফৰ পৰা জানিব দিয়ে।

Leave a Comment