আজি অসম দিৱস! বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ…

আজি অসম দিৱস অৰ্থাৎ স্বৰ্গদেউ চাওলুং চ্যুকাফা দিৱস।

অসম দিৱসৰ বিশেষ দিনটোত যুগনায়ক তথা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ।

১২২৮ চনৰ ২ ডিচেম্বৰ তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱাৰ ঐতিহাসিক দিনটোক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে ১৯৭২চনৰ পৰাই ৰাজ্যত পালন কৰি অহা হৈছে চ্যুকাফা দিৱস।

জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হোৱা মহানায়কগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

তেতিয়াৰ পৰাই যুগপুৰুষ চাওলুঙ-চ্যুকাফাক স্মৰণ কৰি আনুষ্ঠানিকভাৱে ৰাজ্যজুৰি পালন কৰি অহা হৈছে অসম দিৱস।

ঐক্য আৰু সংহতিৰ ডোলেৰে অসমক বান্ধি বৰ অসমৰ ভেটি গঢ়া যুগনায়কগৰাকীক স্মৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment