আজি ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, পুৱা ১০ বজাৰ পৰা আৰম্ভ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা…

আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা।

প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা।

দ্বিতীয় ভাগত ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।

আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪,৪৩,৬৫৫ গৰাকী পৰীক্ষাৰ্থী।

উল্লেখ্য যে ২৫খন জিলাত অনুষ্ঠিত হ’ব এই চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।

এই ২৫খন জিলাত পৰীক্ষাৰ সময়ত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত ৪ ঘণ্টা বাবে বন্ধ ৰাখিব ইণ্টাৰনেট সেৱা।

প্ৰশাসনে পৰীক্ষা কেন্দ্ৰৰ ১০০ বৰ্গ মিটাৰ ব্যাসাৰ্ধত জাৰি কৰিছে ১৪৪ ধাৰা।

তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তিনি দিনীয়াকৈ ৰাজ্যৰ ৩০ খন জিলাত অনুষ্ঠিত হ’ব বাচনি পৰীক্ষা।