অসম

শোকাৱহ! ফেক্টৰীত কৰ্মৰত অৱস্থাতে মেচিনত সোমাই থিতাতে নিহত এজন যুৱক…

এক শোকাৱহ ঘটনা।

ফেক্টৰীত কৰ্মৰত অৱস্থাতে মেচিনত সোমাই থিতাতে নিহত এজন যুৱক।

বৰপেটাৰোড সমীপৰ বাগসা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানৰ অন্তৰ্গত কৃষ্ণনগৰ জাখলি বিল পথাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো।

photo 2022 05 25 10 24 08

বৰপেটাৰোডৰ সমীপৰ কৃষ্ণনগৰ জাখলি বিল পথাৰস্থিত মা দুর্গা স্মল ইণ্ডাষ্ট্রিজ নামৰ পাপৰ বনোৱা ফেক্টৰীত কৰ্মৰত অৱস্থাত মাণিক বর্মন এজন শ্রমিক মেচিনৰ ভিতৰত সোমাই যায়।

ফলত থিতাতে নিহত হয় শ্রমিকজনৰ।

নিহত শ্রমিকজন বৰপেটাৰোডৰ সমীপৰ বাগসা জিলাৰ অন্তৰ্গত লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মনৰ পুত্ৰ মাণিক বর্মন (২৮)।

পাছত ঘটনাস্থলীত গোৱৰ্ধনা আৰক্ষী থানৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

G3 11

Leave a Reply

Your email address will not be published. Required fields are marked *