এক অতি শোকাৱহ পথ দুৰ্ঘটনা।
দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ১৫জনকৈ লোকক।
যাৰ ফলত শিশুসহ কৰুণ মৃত্যুক আকোৱালি লয় ১২ জনকৈ লোকে।
বিহাৰৰ বৈশালী জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ২০ৰ পৰা ২৫ জনকৈ লোক।
জানিব পৰা মতে মাহনাৰ হাজিপুৰ মুখ্য পথৰ ডেছৰি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত নয়াগাঁও টোলাৰ ওচৰত পথৰ কাষত লোক সকল থিয় হৈ আছিল।
সেই সময়তে তীব্ৰবেগত অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই লোক কেইজনক মহটিয়াই নিয়ে।
ইপিনে দুৰ্ঘটনাটোৰ পিছতে ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোক সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
The accident in Vaishali, Bihar is saddening. Condolences to the bereaved families. May the injured recover soon. An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) November 20, 2022
এই ভয়ংকৰ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে প্ৰতিজন মৃতকৰ পৰিয়াললৈ পি এম এন আৰ এফৰ পৰা 2 লাখ টকাৰ অনুদান প্ৰদানৰ ঘোষণা কৰাৰ লগতে আহতসকলক 50,000 টকা দিয়া হ’ব বুলি ঘোষণা কৰিছে।









