শোকাৱহ পথ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ।

ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাটো৷

নিয়ন্ত্ৰনহীন ট্ৰাকে মহতিয়াই নিলে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক৷

চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় জোৱান জনৰ।

ছিপাঝাৰৰ ঘোঁৰাবান্ধাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এ,টি,এম কক্ষৰ নৈশ পহৰাৰ দায়িত্বত আছিল ছিপাঝাৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মইনুল হক ৷

পুৱা AS25-3641 ট্ৰাক এখনে নিয়ন্ত্ৰনহীন ভাৱে পথৰ দাঁতিত কৰ্তব্যৰত জোৱানজনক মহতীয়াই লৈ যায়।

দায়িত্বশীল ,কৰ্তব্যপৰায়ন গৃহৰক্ষী যোৱানজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ছিপাঝাৰ থানাৰ আৰক্ষী ৷

চেঙেলীয়াঝাৰৰ কুমাৰপাৰা গাৱৰ দুই সন্তানৰ পিতৃ ৩৮ বছৰীয়া মইনুল হকৰ মৃত্যত শোকত ভাগি পৰিছে স্থানীয় ৰাইজ।

Leave a Comment