শোকাৱহ দুৰ্ঘটনা! KTM বাইক দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে নিখিলে, গুৰুতৰভাৱে আহত এজন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

KTM বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ।

নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত  মনোহৰ গাঁৱত কাতি বিহুৰ নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত যুৱকজন কামপুৰৰ তেতেলিসৰাৰ  নিখিল বৰা (২১)।

জানিব পৰা মতে, নিখিল বৰা আৰু লটাচ ভূঞা নামৰ যুৱক দুজনে এখন KTM বাইকেৰে কঠীয়াতলী দিশলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় নিখিল বৰা নামৰ যুৱকজন।

আনহাতে লটাচ ভূঞাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS12AE0833। 

বৰ্তমান আৰক্ষীয়ে নিহত যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে।