এক শোকাৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দ’ খাৱৈত সোমাল ক্ৰেটা বাহন, থিতাতে নিহত দুজন।
লখিমপুৰৰ লালুকত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
নিহত লোক দুজন আনাৰুল ইছলাম আৰু নুৰ মহম্মদ।
আনহাতে দুৰ্ঘটনাটোত আহত হৈছে আন ৩ জন লোক।
লালুকৰ পৰা তেজপুৰ অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত এ আৰ ০১ কে ১৪০৭ নম্বৰৰ ক্ৰেটা বাহনখন।
স্থানীয় লোকে গাড়ীখনৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে আন তিনিজনকো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।









