আজব চুৰিকাণ্ড! বাইক নহয়, বাইকৰ চকা-যন্ত্ৰাংশহে খুলি নিলে চােৰে…

এক আজব চুৰিকাণ্ড।

মেৰামতিৰ বাবে গেৰেজত থকা দুচকীয়া বাহনৰ দুটা চকাৰ লগতে যন্ত্ৰাংশ খুলি নিলে চােৰে

ডিব্ৰুগড়ৰ মৰাণৰ খোৱাং চমুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

শুকুৰবাৰে নিশা সংঘটিত হয় এই কৌতূহলী চুৰিকাণ্ডটো।

জানিব পৰামতে, স্থানীয় বাসিন্দা ধৰ্মেন্দ্ৰ গগৈৰ পুত্ৰ নিতুল গগৈৰ AS06A A4390 নম্বৰৰ হিৰ’ ছুপাৰ স্প্লেণ্ডাৰ বাইকখন ঘৰৰ গেৰেজত থকা অৱস্থাত শুকুৰবাৰে নিশা চোৰে বাইকখন এৰি বাইকখনৰ চকা দুটা, চ’কেট জাভা দুটা আৰু চিটটো খুলি লৈ যায়।

শনিবাৰে উক্ত ঘটনা সন্দৰ্ভত বাইকৰ গৰাকীয়ে খোৱাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।