শোকাৱহ! দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে সুদক্ষ ঢোল বাদক তথা আছু কৰ্মী ভৃগু কুমাৰ বৰাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে সুদক্ষ ঢোল বাদক তথা আছু কৰ্মী ভৃগু কুমাৰ বৰাই(২৩)।

নিশা তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় যুৱকজন।

জানিব পৰা মতে যুৱকজনে নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এছ ০৭ যে ১৯১৫ নম্বৰৰ মটৰ চাইকেলেৰে নিজ গৃহ ককিলা নাহৰনি অভিমুখে আহি থকা অৱস্থাত এখন অচিনাক্ত তীব্ৰ বেগী বাহনে খুন্দা মাৰে।

ঘটনাত গুৰুতৰভাবে আহত হোৱা ভৃগু কুমাৰ বৰাক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে তেওঁৰ মৃত্যু হয়।

সম্প্ৰতি ভৃগুৰ দুৰ্ঘটনাত মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকাকুল পৰৱেশে বিৰাজ কৰিছে।

Leave a Comment