আপোনাৰ নাম নীৰজ নেকি? এইটো পেট্ৰ’ল পাম্পত আপুনি ফ্ৰীতে লাভ কৰিব ৫০১ টকাৰ পেট্ৰ’ল…

এটা বিশেষ পেট্ৰ’ল পাম্প।

য’ত নীৰজ নামৰ প্ৰতিগৰাকী লোকে লাভ কৰিব ফ্ৰী পেট্ৰ’ল।

পেট্ৰ’লে চেঞ্চুৰী কোবোৱাৰ সময়তে নীৰজ নামৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিছে ফ্ৰী পেট্ৰ’ল।

টকিঅ অলিম্পিকত সোণৰ পদক লাভ কৰি সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে নীৰজ ছোপ্ৰাই।

এই সময়চোৱাত দেশৰ প্ৰতিগৰাকী লোকে আনন্দ কৰা পৰিলক্ষিত হয়।

তেওঁলৈ যোনে যেনেকৈ পাৰিছে উপহাৰ আগবঢ়াইছে। কোনোবাই যদি কোটিৰ ঘৰত টকা আগবঢ়াইছে আন কোনোবাই আকৌ তেওঁলৈ আগবঢ়াইছে বিলাসী বাহন।

ইয়াৰ মাজতে গুজৰাটত সংঘটিত হৈছে আন এক আমোদজনক ঘটনা।

এগৰাকী ব্যক্তিয়ে কেৱল এজন নীৰজকেই নহয়, নীৰজ নামৰ প্ৰতিগৰাকী ব্যক্তিলৈ দিছে বাম্পাৰ অফাৰ।

গুজৰাটৰ ভৰুছৰ নেতৰংগ চহৰৰ এসপি পেট্ৰলিয়ামৰ মালিক আয়ুব পাঠানে তেওঁৰ পেট্ৰ’ল পাম্পলৈ অহা নীৰজ নামৰ প্ৰতিগৰাকী ব্যক্তিয়েই ৫০১ টকাৰ পেট্ৰ’ল ফ্ৰীতে প্ৰদান কৰিছে।

অৱশ্যে এই সুবিধা মাত্ৰ দুদিনৰ বাবেহে দিয়া হৈছিল। ৮ আৰু ৯ আগষ্টত এইদৰে ফ্ৰী পেট্ৰ’ল দিয়াৰ ঘোষণা কৰা হৈছিল।

Leave a Comment