শোকাৱহ! চলন্ত আল্ট্ৰা বাছৰ পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যাত্ৰীয়ে…

বকোৰ চকাবাহাত অঘটন।

এখন যাত্ৰীবাহী আল্ট্ৰা বাছৰ পৰা পৰি এজন লোক থিতাতে নিহত হয়।

বকোৰ জে এন কলেজৰ সন্মুখতে সংঘটিত হয় এই ঘটনা।

নিহত লোকজন জিতু ৰাভা (৪০) বুলি চিনাক্ত কৰা হৈছে।

জীতু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত মাছলাম গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত চকাবাঁহা গাঁৱত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গোৱালপাৰা অভিমুখী এএচ-০১/কে চি-৬১৩৫ নম্বৰৰ লক্ষ্মী নাৰায়ণ নামৰ আল্ট্ৰা বাছখনৰ পৰা যাত্ৰীৰ থেলা-হেঁচাত জীতু ৰাভা (৪০) নামৰ যাত্ৰী এগৰাকী দৰ্জাৰে বাগৰি পৰে।

গুৰুতৰ ভাবে আহত জীতু ৰাভাক লগে লগে চিকিৎসাৰ বাবে ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত লোকগৰাকীৰ মৃত্যু হয়।

আনহাতে আল্ট্ৰা বাছখনে গৈ ধুপধৰা থানাত আত্মসমৰ্পণ কৰে।