অসম

শোকাৱহ! উপায়ুক্ত কাৰ্যালয়ৰ কণিষ্ঠ বৰ্গৰ সহায়ক লব কুমাৰ ব্ৰহ্মৰ আকস্মিক মৃত্যু…

এক শোকাৱহ ঘটনা!

চিৰাং জিলাৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মৰত কণিষ্ঠ বৰ্গৰ সহায়ক লব কুমাৰ ব্ৰহ্মৰ আকস্মিক মৃত্যু।

সোমবাৰে দুৰ্ভাগ্যজনক ভাবে মাত্ৰ ৪২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ব্ৰহ্মৰ।

পুৱা ৯ বজাত চিৰাং জিলাৰ ৰুণীখাতাৰ পূৰ্ব বাশবাৰী নিজ বাসগৃহৰ পৰা কৰ্মস্থলী কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়তে লব কুমাৰ ব্ৰহ্ম হৃদৰোগত আক্ৰান্ত হয়।

পৰিয়ালৰ লোকে তাৎক্ষনিক ভাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে লব কুমাৰ ব্ৰহ্মক মৃত বুলি ঘোষণা কৰে।

সম্পূৰ্ণ সুস্থ সবল ৪২ বছৰীয়া লব কুমাৰ ব্ৰহ্মৰ আকস্মিক মৃত্যু খবৰ পোৱাৰ পিছত কৰ্মস্থলী কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

মৃত্যুৰ সময়ত লব কুমাৰ ব্ৰহ্মই মাতৃ, সহধৰ্মিণী লগতে এজনী ৯ বছৰীয়া কন্যা আৰু তিনিমহীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *