শোকাবহ! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুণ্ডা যাত্ৰীবাহী বাছৰ, মৃত্যু মহিলাসহ ৬ জনৰ, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

নিউজ ডেস্কঃ তামিলনাডুৰ চেঙ্গালপেট জিলাৰ মাদুৰাণ্টাকামৰ ওচৰৰ থোজহুপেডুত শুকুৰবাৰে পুৱা এখন চৰকাৰী বাছে ট্ৰাকত খুন্দা মৰাৰ ফলত দুগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আহত হয় আন কেইবাজনো যাত্ৰী।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৪০ জনৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া বাছখন চেন্নাই-ত্ৰিচি ৰাষ্ট্ৰীয় ঘাইপথেৰে চেন্নাইৰ পৰা চিদাম্বৰম অভিমুখে গৈ আছিল।

image 76
শোকাবহ! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুণ্ডা যাত্ৰীবাহী বাছৰ, মৃত্যু মহিলাসহ ৬ জনৰ, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ 2

থোজহুপেডুৰ ওচৰত বাছখনে ৰৈ থকা এখন ট্ৰাক এখনত খুন্দা মৰাৰ ফলত বাছখনৰ এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে মিলি যাত্ৰীসকলক উদ্ধাৰ কৰি আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মৃত‌ লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

এই শোকাবহ পথ দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শোক প্ৰকাশ কৰে।

তামিল ভাষাতে তেওঁ দুৰ্ঘটনাত নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি বাছখনৰ চালকজন বৰ্তমান পলাতক হৈ আছে।